NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ আক্ৰান্তৰ সেৱাৰ বাবে চিকিৎসালয়ত যোগ দিলে এইগৰাকী ৰাজকুমাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 6:15 pm
princess sofia of sweden

ছুইডেনৰ ৰাজকুমাৰী প্ৰিঞ্চেছ ছফিয়াই দেশৰ কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীসকলক চিকিৎসাৰ বাবে এখন চিকিৎসালয়ত স্বাস্থ্য কৰ্মী হিচাপে যোগ দিছে।

ষ্টকহ’মৰ ছফিয়াহেমেট হস্পিটেলত ৩৫ বছৰীয়া ৰাজকুমাৰীগৰাকীয়ে স্বাস্থ্য সহযোগী হিচাপে সেৱা আগবঢ়াইছে।

তেওঁ ক’ভিড-১৯ ৰোগীসকলক চিকিৎসা কৰা চিকিৎসক, নাৰ্ছসকলক অ-চিকিৎসাজনিত কাম-কাজত সহায় আগবঢ়াইছে।

ৰাজকুমাৰী ছফিয়া চিকিৎসালয়খনৰ সন্মানীয় সঞ্চালকো।

স্বেচ্ছাসেৱকৰূপে চিকিৎসালয়খনত যোগ দিয়াৰ পূৰ্বে অনলাইনযোগে এক তিনিদিনীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

“আমি যি বিপদত পৰিছো, ৰাজকুমাৰীও আহি জৰিত হ’ব খুজিছে আৰু স্বাস্থ্য সেৱা প্ৰফেছনেলসকলৰ বৃহৎ কামৰ বোজা লাঘৱ কৰিবৰ বাবে এক বৰঙনি আগবঢ়াব খুজিছে,” ৰয়েল ক’ৰ্টৰ এজন মুখপাত্ৰই কয়।

নীলা চোলা পিন্ধি সহকৰ্মীসকলৰ সৈতে ৰাজকুমাৰীয়ে কামত যোগ দিয়াৰ ছবিও ইনষ্টাগ্ৰামত প্ৰকাশ পাইছে।

 

View this post on Instagram

 

#New Last week Princess Sofia took a 3-day course at Sophiahemmet hospital. The people who completed the course are now able to relieve the hospital staff during the coronavirus pandemic. They will for example disinfect equipment and help in the kitchen. Princess Sofia is Sophiahemmet’s honorary president. ?: TT #princesssofia #prinsessansofia #swedishroyalfamily #kungahuset

A post shared by Royal family of Sweden (@royals_ofsweden) on

ৰাজকুমাৰী ছফিয়া পতি ৰাজকুমাৰ কাৰ্ল ফিলিপ ছুইডেনৰ ৰাজমুকুটৰ চতুৰ্থসংখ্যক উত্তৰাধিকাৰ।