NORTHEAST NOW (Assamese)
Popular Stories

‘হৃদয়হীন চৰকাৰেহে দৰিদ্ৰ জনগণৰ বাবে একো কাম নকৰে’; পি চিদাম্বৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 7:59 pm
Chidambaram-2

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৰবিবাৰে হৃদয়হীন চৰকাৰ বুলি আখ্যা দিছে কেন্দ্ৰীয় চৰকাৰক।

দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে ল’কডাউন অব্যাহত থকাৰ সময়ত দৰিদ্ৰ জনগণক চৰকাৰে যোগান ধৰা নগদ ধন, বিনামূলীয়া খাদ্য সামগ্ৰীৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ   গৈ প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ কয় যে নগদ ধন ল’বলৈ দৰিদ্ৰলোকে দৌৰি আহিবলগীয়া হোৱাৰ লগতে বিনামূলীয়া খাদ্য সামগ্ৰীৰ সংগ্ৰহ কৰিবলৈ শাৰীৰ পাতিবলগীয়া হৈছে।

‘অসংখ্য দৰিদ্ৰ মানুহে নগদ ধন আৰু খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে শাৰী পাতিবলগা হৈছে। হৃদয়হীন চৰকাৰখনে একো কৰিব পৰা নাই।’ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ ভাষ্য।

চৰকাৰে দুখীয়া মানুহৰ ভোক নিবাৰণৰ লগতে নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সন্মান কিয় দিব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।