NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড; ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 22, 2020 10:47 am
Bokakhat.Fire damage.2

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতেই আজি পুৱা বোকাখাত নগৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয়।

বোকাখাত নগৰৰ ১ নম্বৰ ৱাৰ্ডত জে ডি এচ জি মহাবিদ্যালয়ৰ সমীপতে সংঘৰ্টিত হয় এই অগ্নিকাণ্ড। মথুৰা প্ৰসাদ জয়ছোৱাল নামৰ এজন ব্যৱসায়ীৰ বাসগৃহৰ লগতে এখন গেলামালৰ দোকান জুইত সম্পূৰ্ণৰূপে জাহ যোৱা বুলি জানিব পৰা গৈছে।

ঘটনাটো সংঘটিত হোৱৰ কিছু সময় পাছতেই ঘটনাস্থলত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনী গাড়ীৰ সহযোগত স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰে।

বৈদ্যুতিক বিজুতি ঘটাৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যদিও অনুসন্ধানৰ পিছতহে ইয়াৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

পুৱাতে সংঘৰ্টিত এই অগ্নিকাণ্ডত মথুৰা প্ৰসাদ জয়ছোৱাল নামৰ ব্যৱসায়ীজনৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি অনিষ্ট হয়।