NORTHEAST NOW (Assamese)
অসম

বাঘৰ গাত কৰ’নাভাইৰাছ আমেৰিকাত: অসমত চিৰিয়াখানাই লৈছে বিশেষ পদক্ষেপ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 26, 2020 7:25 pm

কেৱল মানৱ জাতিয়েই নহয়, পশুকুলতো চিনাক্ত হৈছে কৰ’নাভাইৰাছ। আমেৰিকাৰ নিউ য়ৰ্কৰ ব্ৰন্ক্স চিৰিয়াখানত ৮টাকৈ বাঘ আক্ৰান্ত হৈছে এই ৰোগত।

জানিব পৰা মতে এগৰাকী বিষয়াৰ পৰা এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ হৈছিল বাঘৰ দেহলৈ।

আমেৰিকাৰ নিউ য়ৰ্কতে মানুহক সংক্ৰমিত কৰা ৰোগে এটা জন্তুক সংক্ৰমিত কৰি অসুস্থ কৰা এইটো প্ৰথম ঘটনা সংঘটিত হৈছিল।

স্বাভাৱিকতে প্ৰশ্ন হয়, এই ঘটনাৰ পাছত বাঘৰ সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই?

উল্লেখ্য যে, অসম ৰাজ্যিক চিৰিয়াখানাত মুঠ ৬টা বিভিন্ন প্ৰজাতিৰ বাঘ আছে। এই বাঘকেইটাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

বাঘক খাবলৈ দিয়া মাংস ভালদৰে চাই-চিতি বীজাণুমুক্ত কৰি খাবলৈ দিয়া হয় বুলি জানিবলৈ দিয়ে চিৰিয়াখানাৰ ডিএফঅ’ তেজচ মৰিস্বামীয়ে।

ইপিনে, লকডাউনৰ দিনকেইটাত চিৰিয়াখানাৰ বাহিৰৰ কোনো লোককে চিৰিয়াখানা চৌহদত প্ৰবেশ কৰিবলৈ দিয়া হোৱা নাই। তথা চিৰিয়াখানাৰ ভিতৰত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীকো চৌহদৰ বাহিৰলৈ যাবলৈ দিয়া নাই কৰ্তৃপক্ষই।

মৰিস্বামীয়ে কয় ‘আমি বাহিৰৰ কৰ্মচাৰীসকলক লকডাউনৰ সময়ত কৰ্মস্থলীলৈ আহিব দিয়া নাই। যিসকল কৰ্মচাৰী ভিতৰত কাম কৰি আছে সেইসকলক আমি বাহিৰলৈ ওলাব দিয়া নাই। পশুৰ বাবে খাদ্য অনা বাহনসমূহকো চেনিটাইজ কৰাৰ লগতে বাঘৰ মাংসৰ লগতে অন্যান্য খাদ্যসমূহ পটাছত ডুবাই পানীৰে ধুই খাবলৈ দিয়া হয়।‘

অসম ৰাজ্যিক চিৰিয়াখানা লকডাউনৰ পূৰ্বৰে পৰা পৰ্য্যটকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে পশু-পক্ষীলৈ যাতে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণ নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰোপৰি, প্ৰত্যেকদিনাই চিৰিয়াখানাৰ চৌহদ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।