NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাৰ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক অন্যথা জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 8:19 am

ত্ৰিপুৰা ৰাজ্যিক চৰকাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কাৰ্য্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰিছে।

মঙলবাৰে ত্ৰিপুৰাৰ মন্ত্ৰী ৰতন লাল নাথে আগৰতলাত সংবাদ মাধ্যমক সম্বোধন কৰি এনেধৰে কয়।

তেওঁ ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি যদি কোনোবাই এই নিৰ্দেশ অমান্য কৰি মাস্ক পৰিধান নকৰে তেওঁলোক জৰিমনাৰ সন্মুখিন হ’বলাগিব বুলি কয়।

আনহাতে, মন্ত্ৰী গৰাকীয়ে যিসকল লোকে এই নিৰ্দেশ অমান্য কৰে সেই সকল লোকে প্ৰথমবাৰত ১০০ টকা আৰু দ্বিতীয় বাৰত ২০০ টকা আৰু এনেদৰে শাস্তিৰ সন্মুখিন হ’ব লাগিব বুলি জানিবলৈ দিয়ে।

ৰতন লাল নাথে ত্ৰিপুৰাৰ জনসাধাৰণক মাস্ক পৰিধান কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

তদুপৰি, ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ কোভিদ-১৯-ৰ শেহতীয়া পৰ্যালোচনা কৰাৰ বাবে বুধবাৰে সৰ্বদলীয় বৈঠকো আহ্বান কৰা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত সদৰি কৰে।

বুধবাৰে আবেলি ৪ বজাত সাধাৰণ সচিবালয়ত এই বৈঠক অনুষ্ঠিত হ’ব।