NORTHEAST NOW (Assamese)
অসম

সুৰাৰ দাম বৃদ্ধিৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 8, 2020 8:20 pm
Assam cabinet decides to hike liquor prices

অসম কেবিনেটে সুৰাৰ দাম বৃদ্ধিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুকুৰবাৰে গ্ৰহণ কৰিছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সংবাদ মেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে।

“সুৰাৰ বৰ্তমানৰ MRP ওপৰত ২৫% বৃদ্ধি কৰা হ’ব মূল্য। যাৰ ফলত এহেজাৰ কোটি বছৰি ৰাজহ পাব ৰাজ্য চৰকাৰে,” পাটোৱাৰীয়ে কয়৷

তেওঁ কয় যে বাজেটৰ বাহিৰত বহু খৰছ হৈছে, দুৰ্যোগৰ বাবে সেয়ে সুৰাৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷

আনহাতে কেবিনেটে কৃষি মাৰ্কেটিং ব’ৰ্ডৰ পুৰণা আইন বাতিল কৰি নতুন অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে৷

“কৃষি মাৰ্কেটিং ব’ৰ্ডৰ কৰ্মচাৰীক অন্য বিভাগত নিয়োগ কৰা হ’ব। বৰ্তমান ব’ৰ্ড চলি থাকিব। কিন্তু ভৱিষ্যতে এখন নিৰ্বাচিত ব’ৰ্ড হৈ থাকিব। কৃষকে নিৰ্বাচিত কৰিব  সদস্যসকল,” মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে কোম্পানীৰ চিফট কোম্পানীয়ে আলোচনা কৰি ১২ ঘন্টালৈ বৃদ্ধি কৰিব পাৰিব বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷

তেওঁ লগতে কয় যে সামাজিক দূৰত্ব মানি চাহ বাগিচাসমূহৰ কাম সম্পূৰ্ণৰূপে চলিব৷