NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ তিনি ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ আক্ৰান্ত ৬২লৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 9, 2020 10:55 pm
COVID-19 positive cases reach 62 in Assam

তিনিগৰাকী লোক শনিবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

যোৰহাটত এই তিনি ব্যক্তি চিনাক্ত হৈছে।

তাৰে দুজনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসা চলি আছে।

ব্যক্তি দুজন এম্বুলেন্সত মুম্বাইৰ পৰা আহিছিল। তেওঁলোকৰ লগতে আৰু তেওঁলোকক মুম্বাইৰ পৰা কঢ়িয়াই অনা ড্ৰাইভাৰজন ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ড্ৰাইভাৰজনক মুম্বাইলৈ ওভতাই পঠোৱা হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

অসমত কালিৰ দিনটোত ছয়জন ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছিল।

শনিবাৰলৈকে অসমত এই ৰোগত আক্ৰান্তৰ সংখ্যা ৬২গৰাকীলৈ বৃদ্ধি পাইছে।

তাৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪জন আৰোগ্য হৈছে।

বৰ্তমান ২৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।