NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ নামতিত তিনিটাকৈ মছজিদত চোৰৰ লুটপাত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 17, 2019 5:32 pm
শিৱসাগৰৰ নামতিত তিনিটাকৈ মছজিদত চোৰৰ লুটপাত

শিৱসাগৰৰ নামতিত শনিবাৰে নিশা চোৰে তিনিটাকৈ মছজিদত লুটপাত চলেৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই চুৰি কাৰ্য্য।

নামতি চাৰিআলিৰ বৰ মছজিদ, নামতি আলি মছজিদ আৰু টিং মছজিদত চোৰে দানপাত্ৰ ভাঙি চুৰি কাৰ্য্য সংঘটিত কৰে। তিনিটা মছজিদৰ ভিতৰত আৰু বাহিৰত থকা পাঁচটা দানপাত্ৰ ভাঙি চোৰে লক্ষাধিক টকা লুটি নিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ।

ৰাইজৰ মতে দীৰ্ঘদিন ধৰি দানপাত্ৰ নোখোলাৰ বাবে প্ৰকৃততে কিমান পৰিমাণৰ ধন নিলে সেয়া সঠিককৈ জানিব পৰা হোৱা নাই। ইপিনে দানপাত্ৰ ভাঙিবলৈ ব্যৱহাৰ কৰা দুপাত ৰদ চোৰে মছজিদটোত এৰি থৈ যায়।

সমষ্ট চুৰি কাৰ্য্য বৰ মছজিদৰ চি চি টি ভিত বন্দী হৈ আছে। মছজিদ কমিতিয়ে চি চি টি ভিৰ ফুটেজ আৰক্ষীৰ হাতত জমা দিছে যদিও বাতৰি লিখা সময়লৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখযোগ্য যে কিছু মাহৰ পূৰ্বে শিৱসাগৰৰ বিভিন্ন নামঘৰত চুৰি কাৰ্য সংঘটিত হৈছিল। ইয়াৰোপৰি ঐতিহাসিক সৰাগুৰি চাপৰিৰৰ আজানপীৰ দৰগাহত একেদৰেই চোৰে দুবাৰ দান পাত্ৰ ভাঙি কেইবা লক্ষাধিক টকা চুৰি কৰি নিছিল।