NORTHEAST NOW (Assamese)
অসম

দিল্লী এইমছৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং; ক’ৰ’না পৰীক্ষাৰো ফলাফল নিগেটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 4:37 pm
Former PM Manmohan Singh admitted to AIIMS, Delhi

বুকুৰ বিষ আৰু শাৰীৰিক অসুস্থতাৰ বাবে দেওবাৰে দিল্লী এইমছত ভৰ্তি কৰোৱা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙক আজি চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

৮৭ বছৰীয়া সিঙক দেওবাৰে নিশা ৮.৪৫ বজাত এইমছত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ত ভৰ্তি কৰোৱা মনমোহন সিঙৰ  সোমবাৰে ক’ৰ’নাৰ পৰীক্ষা কৰা হয় আৰু ক’ৰ’নাৰ পৰীক্ষাত সিঙৰ ফলাফল নিগেটিভ আহে।

জানিব পৰা মতে, বৰ্তমান সুস্থ হৈ উঠা মনমোহন সিঙ নিজৰ ঘৰত উপস্থিত হৈছে।

দেওবাৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে দেশৰ বহু সংখ্যক ৰাজনৈতিক নেতাই তেওঁৰ আৰোগ্য কামনা কৰি টুইট কৰিছিল।

অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মনমোহন সিঙৰ আৰোগ্য কামনাৰে টুইট কৰিছিল।

দুটা কাৰ্য্যকালৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা মনমোহন সিঙ অসমৰ পৰাও ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

জেষ্ঠ ৰাজনৈতিক নেতা গৰাকী ডায়াবেটিছতো আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।