NORTHEAST NOW (Assamese)
অসম

লকডাউন ৪.০ ঘোষণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 8:48 pm
PM Modi to lay foundation stone of Ram Temple in Ayodhya on August 5 PM

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীক কৰা সম্বোধনত কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউন ৪ ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে এই লকডাউনৰ সময়সীমা ঘোষণা কৰা নাই, কিন্তু এই লকডাউন পূৰ্বৰ সমূহতকৈ বেলেগ হ’ব বুলি জনাইছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে ১৮ মে’ৰ পূৰ্বে লকডাউন ৪ সম্পৰ্কীয় সকলো নিয়মাৱলী জনোৱা হ’ব।

প্ৰধান মন্ত্ৰী মোদীয়ে এই সম্বোধনত আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে ২০লাখ কোটি টকাৰ এক পেকেজৰ কথাও ঘোষণা কৰিছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে পৰৱৰ্তী সময়ত এই পেকেজৰ সবিশেষ দেশবাসীক সদৰী কৰিব।