NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত কৰ্তব্যৰত আৰক্ষীক সম্বৰ্ধনা আম আদমি পাৰ্টিৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 13, 2020 5:39 pm
COVID-19: AAP felicitates Assam police personnel on duty in Guwahati

আম আদমি পাৰ্টিয়ে ক’ভিড-১৯ মহামাৰীৰ মাজতে গুৱাহাটী মহানগৰীত কৰ্তব্যৰত আৰক্ষীৰ লোকসকল উদগনি যোগোৱাৰ অৰ্থে বুধবাৰে এক সম্বৰ্ধনা কাৰ্যসূচী হাতত লয়।

আপৰ কামৰূপ মহানগৰ সমিতিৰ কৰ্মকৰ্তাসকলে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক সন্মান জনাই মাস্ক,পানীৰ বটল আৰু কেক প্ৰদান কৰে৷

মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় ৩০০ আৰক্ষীৰ লোকক এইদৰে সন্মান জনায় আপৰ কৰ্মীসকলে৷

এই সন্দৰ্ভত আপৰ কামৰূপ মহানগৰ সমিতিৰ সমন্বয়ক মাধুৰ্য্য শইকীয়াই কয়, “যিসকল আৰক্ষী প্ৰশাসনে কোভিড ১৯ৰ বাবে ডেৰমাহ ধৰি জনসাধাৰণৰ স্বাৰ্থত দিন-ৰাতি এক কৰি সেৱা আগবঢ়াইছে তেওঁলোকক আম আদমি পাৰ্টিৰ কামৰূপ মহানগৰ সমিতিৰ পৰা এক সম্বৰ্ধনা যাচিবলৈ প্ৰয়াস কৰিছো।”

শইকীয়াই লগতে কয় যে কৰ’না আক্ৰান্তসকলক চিকিৎসা কৰা চিকিৎসা কৰ্মীসকলকো অনতিপলমে সম্বৰ্ধনা যাচিবলৈ তেওঁলোকে এক কাৰ্যসূচী ল’ব।

তেওঁ কয় যে অনাগত দিনত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাত এই পদক্ষেপ হাতত লোৱা হ’ব।