NORTHEAST NOW (Assamese)
অসম

এন ডি আৰ এফত প্ৰথমটো ক’ৰ’না সংক্ৰমণৰ ঘটনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 5:09 pm
COVID19: 2310 persons discharged in Assam on Friday

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰথম গৰাকী বিষয়া কোভিড-১৯-ত আক্ৰান্ত হৈছে।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এগৰাকী উপ-পৰিদৰ্শক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়লৈ গৈছিল।

চিকিৎসালয়ত বিষয়া গৰাকীক কৰা ক’ৰ’নাৰ পৰীক্ষাত প’জিটিভ পোৱা যায়।

ক’ৰ’না আক্ৰান্ত এন ডি আৰ এফৰ উপ-পৰিদৰ্শক গৰাকীয়ে দিল্লীৰ মুখ্য কাৰ্য্যালয়ত কাম কৰিছিল।

আনহাতে, ক’ৰ’না আক্ৰান্ত বিষয়া গৰাকীক এন ডি আৰ এফৰ তৰফৰ পৰা কেন্দ্ৰীয় সসস্ত্ৰ আৰক্ষী বাহিনীৰ গ্ৰেটাৰ নয়দাত থকা চিকিৎসালয়ত বৃহস্পতিবাৰে ভৰ্তি কৰে।

দেশত সৃষ্টি হোৱা দুৰ্যোগৰ সময়ত সহায়ৰ বাবে ২০০৬ চনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এন ডি আৰ এফ গঠন কৰা হৈছিল।

এন ডি আৰ এফে গঠন হোৱাৰ পাছৰে পৰা দেশত বানপানী, ভূমিকম্প, ভূমিস্খলন, ঘুৰ্ণিবতাহ আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযানত প্ৰধান ভূমিকা পালন কৰি আহিছে।