NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ মাজতে ৰোজা ভাঙি ৰক্তদান বিশ্বনাথৰ যুৱকৰ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম May 23, 2020 5:23 pm
Assam youth breaks Ramjan fast for donating blood

দেশত চলি আছে লকডাউন। চলি আছে কৰোনা মহামাৰীৰ সংহাৰী ৰূপ। ইতিমধ্যে জৰুৰী চিকিৎসাৰ বাবে প্ৰয়োজনৰ হোৱা ৰক্তদানৰ ক্ষেত্ৰত সচেতন বহু লোকে দান কৰিছে নিজৰ ৰক্ত। অনুষ্ঠিত কৰিছে ৰক্তদান দান শিবিৰ।

এতিয়াও আছে মানৱতা। বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰ নিবাসী মামু বৰুৱাৰ (৪৭) বিশেষ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হ’ল A- negative তেজৰ।

ইয়াৰ বাবে পুৱা চ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হয় এটা মেচেজ। এজনৰ পিছত আনজনৰ ফোন আহে যদিও হঠাতে প্ৰয়োজন হোৱা A-negative তেজৰ সন্ধান পোৱা নাছিল ৰোগীৰ পৰিয়ালটোৱে।

অৱশেষত বিশ্বনাথৰ পাভৈস্থিত এজন যুৱকলৈ বন্ধু এজনৰ ফোনৰ পিছত ছ’চিয়েল মিডিয়াযোগে মন্তব্য “মই দিব পাৰিম দাদা”।

যুৱকজনৰ নাম চাকিল আহমেদ। ৰমজানৰ ৰোজা ভাঙি মহিলাগৰাকীক উদ্ধাৰ কৰাৰ বাবে ৰক্তদানৰ সিদ্ধান্ত লয় যুৱকজনে।

ৰোগীগৰাকী বৰ্তমান বিশ্বনাথ চাৰিআলিৰ JK Hospitalত চিকিৎসাধীন আৰু কালিলৈ হস্পিতালখনতে অস্ত্ৰোপচাৰ হ’ব মহিলাগৰাকীৰ।

গুৱাহাটী KK Handique মুক্ত বিশ্ববিদ্যালয়ৰ পৰা MBA পাঠ্যক্ৰম কৰি থকা দ্বিতীয় ষান্মাষিকৰ ছাত্ৰগৰাকী মহান কাৰ্যৰ বাবে এতিয়া শলাগৰ পাত্ৰ হৈ পৰিছে।