NORTHEAST NOW (Assamese)
অসম

বিশেষ শ্ৰমিক ৰে’লৰ পৰা পৰি পশ্চিমবংগত মিজোৰামৰ যুৱতীৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 4:36 pm

ল’কডাউনৰ সময়ত মহাৰাষ্ট্ৰত আৱদ্ধ হৈ থকা মিজোৰামৰ এগৰাকী ২৬ বছৰীয়া যুৱতীয়ে অৱশেষত বিশেষ ৰে’লেৰে ঘৰলৈ উভতি আহি থকাৰ সময়ত ৰে’লৰ পৰা পৰি মৃত্যুক আকোৱালি লয়।

দুৰ্ঘটনাটো সোমবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা দুৰ্ভগীয়া যুৱতী গৰাকী মিজোৰামৰ চাইতুৱেল জিলাৰ কেইফাঙৰ মাৰ্লিয়া বানলালহামাঙগাইজুৱালি বুলি চিনাক্ত কৰা হৈছে।

মহাৰাষ্ট্ৰৰ পৰা ওভটাৰ পথত পশ্চিমবংগৰ চিলিগুৰিত যুৱতী গৰাকীয়ে চলন্ত ৰে’লৰ পৰা পৰি যায়।

পুনেত থকা মিজো ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ অধ্যক্ষ বানলালকিমাই মঙলবাৰে ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰে।

বানলালকিমাই জানিবলৈ দিয়া মতে, মিজোৰামৰ যুৱতী গৰাকীয়ে পুনেৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল আৰু বিশেষ শ্ৰমিক ৰে’লেৰে অন্যান্য সহযাত্ৰীৰ সৈতে ঘৰলৈ উভতি আহি আছিল।

চলন্ত ৰে’লৰ পৰা পৰি যোৱাৰ পাছতে যুৱতী গৰাকীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকলে যুৱতী গৰাকীক বচাব নোৱাৰিলে।