NORTHEAST NOW (Assamese)
অসম

প্ৰতিবছৰতে লকডাউনৰ পোষকতা শিল্পী আচুৰ্য্য বৰপাত্ৰৰ

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া June 5, 2020 10:19 pm
World Environment Day: Achurjya Borpatra's new song released in Golaghat

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে প্ৰতি বছৰে লকডাউনৰ পোষকতা কৰিছে।

যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজনে বছৰি অন্ততঃ দহ দিন লকডাউনৰ পোষকতা কৰিছে।

প্ৰকৃতিক লৈ প্ৰস্তুত কৰা তেওঁৰ এটি নতুন গীতৰ উদ্বোধনী অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱসৰ দিনা বৰপাত্ৰই এই মন্তব্য কৰে।

লগতে বিশ্ব পৰিৱেশ সুৰক্ষাৰ বাবে সকলোকে ঘৰৰ পদূলিত একোটাকৈ গছপুলি ৰোপনৰ বাবে তেওঁ আহ্বান জনায়।

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত কালি অৰ্থাৎ যোৱা ৪ জুনৰ বিয়লি শিল্পীগৰাকীয়ে নতুন গীতটোৰ ভিডিঅ’ মুকলি কৰিছিল।

আজি “তোৰহে জিৰণি নাই” শীৰ্ষক উক্ত গীতটো উদ্বোধন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱাই।

আনহাতে গীতটোৰ ভিডিঅ’টো উদ্বোধন কৰে এ চি এৰ উপ-সভাপতি পৰীক্ষিত দত্ত আৰু সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাই।

পাপলু চেতিয়াই ৰচনা কৰা আৰু অৰূপজ্যোতি বৰুৱাই সংগীত কৰা উক্ত গীতটিৰ কিছু দৃশ্যাংশত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং আৰু পক্ষীবিদ মনোজ গগৈক দেখুওৱা হৈছে।

গোলাঘাট নগৰৰ মাজমজিয়াত থকা পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জী নেচাৰেল হিষ্ট্ৰি মিউজিয়ামত অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল।

আনহাতে শিল্পী বৰপাত্ৰই পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটৰ বিভিন্ন দল-সংগঠন ,ব্যক্তিৰ সৈতে বিভিন্ন স্থানত বৃক্ষৰোপন কৰে।