NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না টেষ্টৰ সংখ্যা বঢ়ালে আমেৰিকাক সহজেই চেৰ পেলাব ভাৰত-চীনে : ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 3:05 pm

ভাৰত আৰু চীনৰ দৰে দেশে যদি টেষ্টৰ সংখ্যা বঢ়াই দিয়ে তেন্তে এই দুখন দেশত আমেৰিকাতকৈও অধিক লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা যাব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চাঞ্চল্যকৰ মন্তব্য কৰিছে।

ট্ৰাম্পে এটা অনুষ্ঠানত উপস্থিত থাকি কয় যে আমেৰিকাই দুই কোটি টেষ্ট সম্পন্ন কৰিছে। আমেৰিকাৰ তুলনাত জাৰ্মানীয়ে ৪০ লাখ আৰু জাপানে ৩০ লাখ আৰু ভাৰতে ৪০ লাখ লোকৰ টেষ্ট কৰিছে।

তেওঁ লগতে কয় যে, এটা কথা মনত ৰাখিব, আপুনি অধিক টেষ্ট কৰিলে আক্ৰান্তৰ সংখ্যাও অধিক হ’ব। টেষ্ট বেছি হৈছে কাৰণে আমাৰ ইয়াত আক্ৰান্তৰ সংখ্যা অধিক হৈছে।

ইয়াৰ উপৰি তেওঁ কয় যে আমি যদি চীন, ভাৰত বা অন্য ঠাইত টেষ্ট কৰো তেন্তে সেই ঠাই সমূহত আক্ৰান্তৰ সংখ্যা আমাতকৈ বহু বেছি ওলাব।

ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ দৰে অদৃশ্য শত্ৰুক নিঃশেষ কৰিবলৈ আমেৰিকাৰ চৰকাৰৰ লগতে বিভিন্নই সমস্ত শক্তি প্ৰয়োগ কৰা বুলিও উল্লেখ কৰে।

উল্লেখ্য যে সমগ্ৰ বিশ্বকে ক’ৰ’নাৰ দৰে মহামাৰী ভাইৰাছ বিয়পাই দিয়া বুলি চীনক পুনৰ এবাৰ তীব্ৰ সমালোচনা কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।