NORTHEAST NOW (Assamese)
অসম

ইটালিক চেৰাই সৰ্বাধিক ক’ভিড আক্ৰান্তৰ বিশ্বৰ ষষ্ঠ দেশত পৰিণত ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 6:24 pm
India surpasses Italy, now sixth worst-hit nation by COVID-19

ইটালিক চেৰ পেলাই ভাৰত ক’ভিড-১৯ত সৰ্বাধিক আক্ৰান্ত বিশ্বৰ ষষ্ঠখন দেশত পৰিণত হৈছে।

একেদিনাই ৯৮৮৭গৰাকী ক’ভিড ৰোগী চিনাক্তকৰণৰ ঘটনাৰ সৈতে দেশৰ মুঠ আক্ৰান্ত ২৩৬৬৫৭লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য মতে এতিয়ালৈকে ৬৬৪২গৰাকীৰ মৃত্যু ঘটিছে।

দেশত বৰ্তমান ১১৫৯৪২গৰাকী সক্ৰিয় ক’ভিড ৰোগী থকাৰ বিপৰীতে ১১৪০৭২গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

তৃতীয় দিনৰ বাবে ভাৰতত ক’ভিড ৰোগী চিনাক্তৰ সংখ্যাই ৯০০০ৰ সীমা অতিক্ৰম কৰিছে।

তথাপি, এই সময়চোৱাত ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰ আধা শতাংশত পইণ্টতকৈ অধিক হ্ৰাস পাইছে।

পৰ্য্যায়ক্ৰমে লকডাউন শিথিল কৰা সত্ত্বেও দেশত কৰ’নাভাইৰাছৰ সংক্ৰমণত গুৰুতৰ বৃদ্ধি পৰিলক্ষিত হোৱা নাই।

সংক্ৰমিত ব্যক্তিৰ পৰা সংক্ৰমিত ব্যক্তিৰ সংখ্যা বা সংক্ৰমণ হাৰ স্থিৰভাৱে কমি গৈ আছে।

বিশ্বজুৰি এই ৰোগত ৬৭০০০০০ লোক সংক্ৰমিত হৈছে। ৩৯৪৮৭৫গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭৪৬১৯২গৰাকী লোক আৰোগ্য হৈছে।