NORTHEAST NOW (Assamese)
অসম

লকডাউন বিধি উলংঘা কৰি চুলি কটাই ৮ লাখ টকা জৰিমনা ভৰিলে দুগৰাকী ফুটবলাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 7:00 am
061cbaae9e1d8d7316bb37d8b7b3f643

লকডাউনৰ নিয়ম উলংঘা কৰি এক শকত অংকৰ ধন জৰিমনা হিচাপে ভৰিবলগীয়া হ’ল দুগৰাকী প্ৰসিদ্ধ ফুটবলাৰে।

জাৰ্মানীত লকডাউনৰ সুৰক্ষাৰ নিয়ম ভংগ কৰি হেয়াৰ ষ্টাইলিষ্ট মাতি আনি ঘৰতেই চুলি কটাইছিল বৰুছিয়া ডৰ্টমুণ্ড ক্লাৱৰ দুগৰাকী তাৰকা ফুটবলাৰ জাডোন চাঞ্চো আৰু মানুৱেল আকাঞ্জিয়ে।

ইয়াৰ পাছতে তেওঁলোকে তাৰ ছবি ছচিয়েল মিডিয়াত প’ষ্টো কৰে।

দেখা যায় যে ফুটবলাৰ বা হেয়াৰ ষ্টাইলিষ্ট কাৰো মুখত মাস্ক নাছিল। তদুপৰি, চুলি কটাৰ সময়ত হেয়াৰ ষ্টাইলিষ্টগৰাকীয়ে হাতত গ্ল’ভছো পিন্ধা নাছিল।

কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনাক বৃদ্ধাগুংষ্ঠ প্ৰদৰ্শন কৰি লকডাউনৰ মাজতে তেওঁলোকে চুলি কটাইছিল।

এই বাতৰি জাৰ্মান ফুটবল ফেডাৰেশ্যনে গম পোৱাৰ লগে লগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু শকত অংকৰ জৰিমনা বিহা হয়।

জানিব পৰা মতে, ভাৰতীয় টকাৰ হিচাপত জৰিমনাৰ পৰিমান হ’ব প্ৰায় ৮লাখ ৫৩ হাজৰ টকা।

ফুটবল ফেডাৰেশ্যনে স্পষ্ট কৰিছে যে সামাজিক ব্যৱধান তথা স্বাস্থ্য সুৰক্ষা নিয়ম উলংঘা কৰি চাঞ্চো আৰু মানুৱেলে চুলি কটাইছে। সেয়ে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছিল আৰু সেই মৰ্মে তেওঁলোকক ৮হাজাৰ ৯০০ ডলাৰ জৰিমনা বিহা হয়।

ইপিনে, চাঞ্চোই ফেডাৰেশ্যনৰ এই সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ ফেডাৰেশ্যনৰ এই সিদ্ধান্তক হাস্যকৰ বুলি টুইটাৰত ক্ষোভ ব্যক্ত কৰে যদিও কিচুসময়ৰ পাছতে সেই টুইটটো ডিলিটো কৰে।

ইপিনে, ছচিয়েল মিডিয়াত ছবি প’ষ্ট কৰাৰ পাছত ডাচ ফুটবল লীগেও ফুটবলাৰ দুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে।