NORTHEAST NOW (Assamese)
Popular Stories

শৌচালয়ৰ গাঁতত পৰি মৃত্যুক সাবটিলে এটি ৩ বছৰীয়া শিশুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 9:49 am

ত্ৰিপুৰাত দেওবাৰে শৌচাগাৰৰ গাঁতত পৰি এটি ৩ বছৰীয়া শিশুৱে মৃত্যু সাবটি ল’বলগীয়া হোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

ঘটনাটো সংঘটিত হয় ৰাজ্যখনৰ বিশালগড় অঞ্চলত।

জানিব পৰা মতে কালি আৱেলি বিশালগড়ৰ নাৰৌৰা টিলাৰ বাসিন্দা জলিল মিয়াঁৰ পুত্ৰ ৰফিকুল আলমে ঘৰৰ পিছফালে খেলি আছিল।

কিন্তু অলপ সময় পিছত ৰফিকুলক দেখা নাপাই পৰিয়ালৰ লোকসকলে তেওঁক ঘৰৰ চাৰিওফালে বিচাৰি-খোঁচাৰ কৰে আৰু অৱশেষত এটা শৌচালয়ৰ গাঁতত শিশুটিক উদ্ধাৰ কৰে।

ঘটনাৰ খবৰ পাই বিশালগড় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ গাঁতটোৰ পৰা শিশুটিক তুলি আনে।

পিছত কণমানি ৰফিকুলক বিশালগড় হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।