NORTHEAST NOW (Assamese)
অসম

অপ্রতিৰোধ্য কৰ’না: ৰাজ্যত ৩৩০০ অতিক্ৰম কোভিড-১৯আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 11, 2020 2:19 pm
covid-19-image-750x374

ৰাজ্যত ৩৩১৯ লৈ বৃদ্ধি পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৩৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১৫ গৰাকী নগাওঁ, ছয়গৰাকী গোলাঘাট, তিনি গৰাকী বৰপেটা, তিনিগৰাকী বাক্সা, তিনিগৰাকী শোণিতপুৰ, এগৰাকী চিৰাং, এগৰাকী পশ্চিম কাৰ্বি আংলং, এগৰাকী ডিব্ৰুগড় আৰু এগৰাকী লখিমপুৰৰ।

বৰ্তমান ২০৬১ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১২৪৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ ছয়গৰাকী লোক মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত ২৩৫ গৰাকী লোক আক্ৰান্ত হৈছে।

মঙ্গলবাৰৰ দিনটোতে ২১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।