NORTHEAST NOW (Assamese)
অসম

চীনৰ TikTok এপত একাউন্ট খোলা ভাৰত চৰকাৰৰ ‘আত্মনিৰ্ভৰশীল’ হোৱাৰ আহ্বান; ছচিয়েল মিডিয়াত চৰ্চা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 9:17 pm
tiktok

কৰ’না সংকটৰ সময়ত দেশৰ ভাগি পৰা অৰ্থনীতিৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান পৰিস্থিতিত দেশক আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান জনাইছিল।

বিদেশী সামগ্ৰীৰ মোহ ত্যাগ কৰি দেশীয় সামগ্ৰীৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়াৰ বাবেও জনাইছিল আহ্বান।

পিচে, সম্পূৰ্ণ এক বিপৰীত পৰিস্থিতি সন্মুখত দাঙি ধৰি চীনৰ জনপ্ৰিয় এপ টিকটকত ভাৰত চৰকাৰৰ অফিচিয়েল একাউন্টক লৈ তীব্ৰ কটাক্ষৰ সন্মুখীন হৈছে প্ৰধান মন্ত্ৰী মোদী।

ভাৰতৰ চীন বিৰোধী নীতি এক মুখৰোচক কাহিনী নেকি তাক লৈয়ো প্ৰশ্ন উঠিছে বিভিন্ন মহলত।

প্ৰায় ৯ লাখতকৈয়ো অধিক লোকে TikTokত ভাৰত চৰকাৰৰ একাউন্টটো ফলো কৰিছে।

এই একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে বেছিভাগ যোগ সম্পৰ্কীয় বা কৰ’নাৰ সজাগতামূলক প্ৰচাৰৰ ভিডিঅ’।

বাতৰি অনুসৰি, জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন তথা গুৰুত্বপূৰ্ণ তথ্য প্ৰচাৰৰ বাবে এই এপটো ব্যৱহাৰ কৰা হৈছে।

কিন্তু বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে যে যেতিয়া কেন্দ্ৰীয় চৰকাৰে নিজেই চীনৰ এপ ব্যৱহাৰ কৰিছে, সেই সময়ত দেশৰ নাগৰিকক বিদেশী পণ্য সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱাৰ নৈতিক অধিকাৰ আছেনে?

একাংশ লোকে আনকি ভাৰত চৰকাৰে শীঘ্ৰেই একাউন্টটো ডিলিট কৰি দিয়াৰো দাবী তুলিছে।

যিসময়ত ভাৰত আৰু চীনৰ মাজত সীমান্তত উত্তেজনা বিৰাজ কৰিছে তেনে সময়তে চীনৰ পণ্য সামগ্ৰী বৰ্জনৰ দাবীও প্ৰবল হৈ উঠিছে।

আনকি, চীনৰ আগ্ৰাসনৰ বিৰোধিতা কৰি বহু লোকেই ইতিমধ্যে টিকটকৰ পৰা একাউন্ট ডিলিট কৰিছে।

বহুতৰে দাবী যে আত্মনিৰ্ভৰশীল হোৱাৰ সংকল্প গ্ৰহণ কৰা ভাৰত চৰকাৰেও ইয়াৰ একাউন্টটো অনতি পলমে ডিলিট কৰা উচিত।