NORTHEAST NOW (Assamese)
নাগালেণ্ড

যিকোনো মূল্যৰ বিনিময়তে নাগালেণ্ডক গেৰুৱাকৰণ কৰিবলৈ দিয়া উচিত নহয় : কংগ্ৰেছ

Posted by: এন ই নাও নিউজ February 25, 2018 7:50 pm
Congress-Headquarters-image-570x320

‘অহা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিদায় ল’ব লগা দল এটাক ভোট দি ভুল নকৰিব।’ নাগালেণ্ডবাসীক আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা এই আহ্বান জনালে কংগ্ৰেছে।

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ আজি অন্ত পৰা নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছে বিজেপিক ক্ষুৰধাৰ আক্ৰমণ কৰে। বিজেপিৰ লগতে বিজেপিৰ মিত্ৰ দল এন ডি পি পিকো সমালোচনা কৰে দলটোৱে।

আজি এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তথা নাগালেণ্ডত দলৰ নিৰ্বাচনী দায়িত্বত থকা ড০ জয়কুমাৰে কয় যে নাগালেণ্ডক যিকোনো মূল্যৰ বিনিময়তে ‘গেৰুৱাকৰণ’ হোৱাৰ পৰা বচাব লাগিব। ‘নাগালেণ্ড বিক্ৰীৰ বাবে নহয়।’ এই বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে জয়কুমাৰে।

‘যদিহে খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত এই দলটো জিকে, এইটো হিন্দুত্বক গ্ৰহণ কৰি লোৱাৰ দৰে হ’ব।’ এইদৰে কয় জয়কুমাৰে। তেওঁ নাগাসকলক বিক্ৰীৰ সামগ্ৰীত পৰিণত নহ’বলৈ আহ্বান জনায়।

‘যদি কোনোবাই বিজেপিক ভোট দিয়ে, সেয়া হ’ব কেৱল টকাৰ বাবে।’ এইদৰে কৈ তেওঁ কয় যে বিজেপিয়ে ৰাজ্যখন গেৰুৱা কৰিবলৈহে আহিছে।

আনহাতে জয়কুমাৰে প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ২২ ফেব্ৰুৱাৰিত টুৱেনচাঙৰ সমাৱেশত দিয়া শ্ল’গান ‘ট্ৰেন্সপ’ৰ্টেইশ্যন ফৰ ট্ৰেন্সফ’ৰমেইশ্যন’ৰ ঠাইত আচলতে ‘ট্ৰেন্সপ’ৰ্টেইশ্যন ফৰ ছেফ্ৰনাইজেইশ্যন’ বুলি কটাক্ষ কৰে।

আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এন ডি পি পি)কো সমালোচনা কৰে। তেওঁ এন ডি পি পি-বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নেইফিঅ’ ৰিঅ’ক তেওঁ নাগালেণ্ডলৈ গেৰুৱা দলটোক আনি জীৱনৰ ডাঙৰ পাপ কৰা বুলি মন্তব্য কৰে। তেওঁ কটাক্ষ কৰি কয়, ‘ৰিঅ’ই নাগালেণ্ডত বিজেপিক সাৰপানী দি আছে।’

নেতাজনে লগতে ৰিঅ’ই ২০০৮ চনত য়ু পি এৰ অধ্যক্ষালৈ লিখা চিঠিখনৰ কথা উল্লেখ কৰে, যিখনত ৰিঅ’ই নাগালেণ্ডৰ পৰা বিজেপিক উৎখাত কৰি দিলো বুলি গৰ্ব প্ৰকাশ কৰিছিল।

মোদীৰ টুৱেনচাঙৰ সভাৰ বক্তব্যৰ প্ৰসংগত জয় কুমাৰে কয় যে তেওঁ মোদীয়ে নাগা শান্তি আলোচনা নিষ্পত্তি কৰিবৰ বাবে এটা চূড়ান্ত সময়সীমা ঘোষণা কৰাৰ লগতে নাগা সংকটৰ সমাধান নকৰাকৈ নাগালেণ্ডত নিৰ্বাচন জাপি দিয়া বাবে নাগাসকলৰ ওচৰত ক্ষমা খুজিব বুলি আশা কৰিছিল। কিন্তু তাৰ পৰিৱৰ্তে মোদীয়ে আলোচনা চলি আছে আৰু অধিক গোটে ইয়াত অংশ গ্ৰহণ কৰি আছে বুলিহে ক’লে।

আনহাতে তেওঁ মোদীয়ে ২০১৫ চনৰ ৩ আগষ্টত তদানীন্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক গৰ্বেৰে নাগা সমস্যা সমাধান হৈ গ’ল বুলি কোৱাৰ কথাও সোঁৱৰাই দিয়ে।

তেওঁ কয়, ‘মোদীয়ে কেৱল কথা কয়, কাম একো নকৰে।’

তেওঁ মোদীয়ে টুৱেনচাঙৰ সভাত পথ যাতায়াতৰ বাবে ১০ হাজাৰ কোটি টকা, ৮,৫০০ টা ঘৰ, ক’হিমা স্মাৰ্ট চিটিৰ বাবে ১৮০০ কোটি টকা আদি ঘোষণাৰ প্ৰসংগতো সৰৱ হয়। তেওঁ কয় যে এইবোৰৰ কোনোটোৱেই অলপতে দাখিল কৰা কেন্দ্ৰীয় বাজেটত অন্তৰ্ভুক্ত হোৱা নাই। তেওঁ মোদীক নাগাসকলৰ বাবে ঘঁৰিয়ালৰ চকুপানী টোকা আৰু আভুৱা ভাঁৰা মানুহ বুলি কয়।

আনহাতে কেলেংকাৰি-দুৰ্নীতিৰ বিৰুদ্ধে মোদীয়ে মাত মতাৰ অধিকাৰ নাই বুলিও জয় কুমাৰে কয়। তেওঁ এই বিষয়টোত ‘বিশেষজ্ঞ’ হৈ গ’ল বুলি কৈ তেওঁ বিমুদ্ৰাকৰণ, পাঞ্জাব নেশ্যনেল বেংকৰ ১৪,৫০০ কোটি টকীয়া কেলেংকাৰি, ৰাফেল লেনদেনৰ কথাৰে উদাহৰণ দাঙি ধৰে। মোদীয়ে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা ক’লে শোভা নাপায় বুলি কয় নেতাজনে।

কংগ্ৰেছৰ নেতাজনে দলটোৱে নাগালেণ্ডত প্ৰাৰ্থী দিয়া ১৮টা সমষ্টিৰ ভিতৰত ৮টাত জিকাটো নিশ্চিত হৈ আছে আৰু আন ৪টাত জিকাৰ ৭০ শতাংশ সম্ভাৱনা আছে বুলি দাবী কৰে। তেওঁ দলটোৱে পৰৱৰ্তী চৰকাৰ গঠনত অংশ গ্ৰহণ কৰিব বুলিও কয়।