NORTHEAST NOW (Assamese)
Popular Stories

১০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলে কা আন্দোলনৰ নেত্ৰী অন্তঃসত্ত্বা সফুৰা জাৰগাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 7:37 pm
Safoora-Zargar-10

অৱশেষত জামিন লাভ কৰিলে কা বিৰোধী আন্দোলনৰ নেত্ৰী তথা জামিয়া ইছলামিয়াৰ গৱেষক ছাত্ৰী সফুৰা জাৰগাৰে।

‘মানৱীয় কাৰণ’ত সফুৰাই জামিন লাভত কৰাত আপত্তি নাই বুলি দিল্লী আৰক্ষীৰ অধিবক্তা তুষাৰ মেহতাই জনোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে সফুৰাৰ জামিন মঞ্জুৰ কৰে।

১০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলেও সফুৰাই ৰাজধানী দিল্লীৰ বাহিৰলৈ যাব নোৱাৰিব বুলি নিৰ্দেশ দিছে ন্যায়াধীশ ৰাজীৱ শকধৰে।

দিল্লীৰ বাহিৰলৈ যাবলৈ হ’লে সফুৰাই সংশ্লিষ্ট আদালতৰ অনুমতি ল’ব লাগিব বুলিও নিৰ্দেশ ন্যায়াধীশৰ।

উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ নেত্ৰী সফুৰাক যোৱা ১০ এপ্ৰিলত দিল্লী আৰক্ষীৰ বিশেষ শাখাই উত্তৰ পূৱ দিল্লীৰ কা বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অন্তঃসত্ত্বা সফুৰাই তিনিবাৰকৈ জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেইসমূহ আবেদন খাৰিজ কৰিছিল।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে অন্তঃসত্ত্বা হ’লেও সফুৰাক জামিন লাভত বাধা প্ৰদান কৰি আহিছিল।

দিল্লী আৰক্ষীৰ মতে তিহাৰ জেইলত বিগত ১০ বছৰত ৩৯ গৰাকী কয়দীয়ে সন্তান জন্ম দিছে।

সেয়ে অন্তঃসত্ত্বা হ’লেও সফুৰাক জামিন দিয়া উচিত নহয় বুলি আদালতে যুক্তি দি আহিছিল দিল্লী আৰক্ষীয়ে।

দিল্লী উচ্চ ন্যায়ালয়ে সফুৰাক ১৫ দিনৰ অন্তৰে অন্তৰে তদন্তকাৰী বিষয়াৰ সৈতে ফোনত যোগাযোগ ৰক্ষা কৰি চলিব লাগিব বুলি নিৰ্দেশ দিছে।