NORTHEAST NOW (Assamese)
অসম

মহানগৰীত কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণ: ৬দিনৰ বাবে বন্ধ থাকিব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 9:09 pm
ranjit-das-750x375

গুৱাহাটী মহানগৰীত কোভিড-১৯ৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয় ৬দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে ২৫জুনৰ পৰা ৩০ জুনলৈকে ৰাজ্যিক কাৰ্যালয়টো বন্ধ ৰখা হ’ব।

মহানগৰীৰ হেঙেৰাবাৰীত আছে দলটোৰ ৰাজ্যিক কাৰ্যালয়।

WhatsApp Image 2020-06-24 at 8.26.01 PM

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে স্বাক্ষৰ কৰা এক জাননীত এই কথা প্ৰকাশ কৰা হৈছে।

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছত চৰকাৰে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে মহানগৰীৰ ১১টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।