NORTHEAST NOW (Assamese)
অসম

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত ধনেশ চৰাই, বন গাহৰি হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 12:38 pm
Story-4-4-1140x570

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত চাৰিটা মতা ধনেশ চৰাই আৰু এটা বন গাহৰি কৰাৰ পাছত গাহৰিটোৰ মাংস গ্ৰাহকক বিক্ৰী কৰা হয়।

সূত্ৰসমূহে জনায় যে চৰাইকেইটা চন্দ্ৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীবাগৰাৰ ওচৰৰ বিহাৰী-বস্তিত হত্যা কৰা হৈছিল।

‘’ধনেশ চৰাইকেইটা হত্যা কৰাটো দুৰ্ভাগ্যজনক। এইটো বাহ সজাৰ সময় আৰু মতা ধনেশকেইটা তেওঁলোকৰ বাহলৈ খাদ্য সংগ্ৰহত ব্যস্ত থাকে য’ত মাইকী ধনেশে এখন সৰুকৈ খোলা থকা বাহৰ ভিতৰত নিজকে বন্দী কৰি ৰাখে,’’-স্থানীয় লোকে জানিবলৈ দিয়ে।

‘’মতাকেইটাৰ মৃত্যুত খাদ্য সৰবৰাহ বন্ধ হৈ পৰিব আৰু পোৱালিবোৰৰ সৈতে মাইকী চৰাইটোও খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিব।‘’

ইয়াৰ মাজতে আৰ্লি বাৰ্ডছৰ সভাপতি মলয় বৰুৱাই চন্দ্ৰপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

চৰাইকেইটা আৰু বন গাহৰিটোৰ হত্যাত চাৰিজন লোকক অভিযুক্ত কৰা হৈছে।

কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা নাই যদিও তেওঁলোকক মাতিলেই আৰক্ষী থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।