NORTHEAST NOW (Assamese)
অসম

মহাভাৰতৰ যুদ্ধত কৈ কোভিড-১৯ৰ যুদ্ধ জটিল : শিৱসেনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 3:07 pm
Uddhav-Thackeray-two-696x447

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ত কোভিড-১৯-ৰ বিৰুদ্ধে যুদ্ধ কুৰুক্ষেত্ৰৰ মহাভাৰতৰ যুদ্ধতকৈ কঠিন বুলি উল্লেখ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চত প্ৰথম পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰাৰ সময়ত কোভিড-১৯-ৰ বিৰুদ্ধে যুদ্ধত ২১ দিনত বিজয় সাব্যস্ত হ’ব বুলি কৰা মন্তব্যৰ উল্লেখেৰে সামনাত কোভিড-১৯ৰ যুদ্ধ মহাভাৰতৰ যুদ্ধত কৈ কঠিন বুলি কোৱা হয়।

”ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুদ্ধই ১০০ দিনৰো অধিক সময় অতিক্ৰম কৰিলে আৰু যিসকল যোদ্ধাই যুদ্ধ কৰি আছে তেওঁলোকো ভাগৰুৱা হৈ পৰিছে কিছুপৰিমাণে,” সামনাত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ভাৰতৰ ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত এতিয়ালৈ প্ৰায় ডেৰ লাখ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মহাৰাষ্ট্ৰৰ ভিতৰত মুম্বাই আৰু পুণেত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।