NORTHEAST NOW (Assamese)
অসম

নাইৰোবিত কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অসমীয়া উদ্যোগী কুলদা কলিতাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 11:28 am
107592807_3558679044165514_3820644523166148031_o

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসা চলি থকাৰ মাজতে অসম সন্তান কুলদা কলিতাই সুদুৰ কেনিয়াৰ নাইৰোবিত মৃতুক সাৱটিব লগা হ’ল।

যোৱা ২৩ জুনৰ পৰা শাৰীৰিক অসুস্থতাত ভোগা কলিতাক যোৱা ২৫ জুনৰ দিনা শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতলত চিকিৎসকে তেওঁৰ কৰ’না হোৱা বুলি নিশ্চিত কৰে।

পাছত তেওঁক আই চি য়্যুৰ ভেন্টিলেটৰত ৰখা হয় যদিও ভাৰতীয় সময়মতে ৯ জুলাইৰ এক বজাত ৫৪ বছৰ বয়সত কুলদা কলিতাৰ দেহাবসান ঘটে।

অত্যন্ত অমায়িক আৰু কষ্টসহিষ্ণু দুধনৈ নিবাসী কুলদা কলিতাই গুজৰাটৰ পৰা অভিযান্ত্ৰিক বিষয়ত উচ্চ শিক্ষা লৈ ১৯৯৩ চনৰ পৰাই কৰ্মসুত্ৰে নাইৰোবিত বাস কৰি আছিল।

১৯৯৮ চনত এষ্ট্ৰন কম্পিউটাৰ লিমিটেড নামৰ কোম্পানী এটা খুলি নিজৰ কৰ্মদক্ষতাৰে প্ৰবাসতো বহুজনক সংস্থাপন দিছিল।

এজন সফল এণ্টাৰপ্ৰিনিওৰ হ’বলৈ প্ৰয়োজনীয় সকলো গুণৰ অধিকাৰী আছিল উদ্যোগী কুলদা কলিতা।

মৃত্যুৰ সময়ত কুলদাই তেওঁৰ পত্নী গীতু কলিতাক এৰি থৈ গৈছে।

জানিব পৰা মতে, কুলদাৰ পত্নী আৰু প্ৰতিষ্ঠানটোৰ অন্যান্য সকলৰ কোভিড-১৯ নিগেটিভ পোৱা গৈছে।

ইপিনে, আন্তঃৰাষ্ট্ৰীয উৰণৰ ক্ষেত্ৰত থকা বাধাৰ বাবে এক অনিশ্চয়তাৰ মাজত পৰিয়ালৰ লগতে আত্মীয় স্বজন আৰু বন্ধু মহল যথেষ্ট উদ্বিগ্ন হৈ পৰিছে।