NORTHEAST NOW (Assamese)
Popular Stories

ফ্লিপকাৰ্টত ১.২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব ৱালমাৰ্টে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 6:30 pm
flipwalmart_660_061419012426

ভাৰতীয় বজাৰত এতিয়া ই-কমাৰ্চৰ চাহিদা লক্ষ্যণীয় হাৰত বৃদ্ধি পোৱা  পৰিলক্ষিত হৈছে।

এমাজন, ফ্লিপকাৰ্ট আদি কোম্পানী সমূহে ভাৰতীয় গ্ৰাহকৰ আস্থা ভাজন হবলৈ সক্ষম হৈছে ।

এনে পৰিস্থিতিত ই-কমাৰ্চৰ সৈতে জৰিত কোম্পানী সমূহৰ মাজত আৰম্ভ হৈ গৈছে প্ৰতিযোগিতা। এনে প্ৰতিযোগিতাৰ মাজতে বিশ্বৰ আগশাৰীৰ ই-কমাৰ্চ কোম্পানী ৱালমাৰ্টে  আন এক ই- কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টত ১.২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

ৱালমাৰ্টৰ প্ৰেছিডেন্ট জুডিথ মেক কেইনে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ বাহিৰত দীৰ্ঘ দিন ধৰি পৰি ৰোৱা ২.৭ বিলিয়ন ডলাৰ ৱালমাৰ্টে ভাৰতত ব্যৱসায় কৰি থকা ফ্লিপকাৰ্টত খটুৱাব।

২০১৯ চনৰ ৩০ এপ্ৰিলত ৱালমাৰ্টে ২.৭ বিলিয়ন ডলাৰ আমেৰিকাৰ কেতবোৰ কঠোৰ নীতিৰ বাবে ব্যৱহাৰ কৰিব পৰা নাছিল।

একেদৰে ২০১৯ চনৰ ৩১ জানুৱাৰীত ২.৮ বিলিয়ন ডলাৰো আমেৰিকাৰ একাউন্টত সুমোৱা নাছিল।

আমেৰিকাৰ বাহিৰত দীৰ্ঘ দিন ধৰি পৰি ৰোৱা ২.৭ বিলিয়ন ডলাৰৰ পৰা উলিয়াই আনিব পৰা ১.২ বিলিয়ন ডলাৰ ৱালমাৰ্টে ভাৰতত ব্যৱসায় কৰি থকা ফ্লিপকাৰ্টত খটুৱাব।

উল্লেখ্য ২০১৮ চনৰ মে’ মাহত ৱালমাৰ্টে ফ্লিপকাৰ্টৰ ৭৭ শতাংশ শ্বেয়াৰ কিনি লৈছিল।