NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত স্থাপন কৰা হ’ব আৰু চাৰিটা কোভিড কেয়াৰ চেন্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 4:32 pm
Himanta-Biswa-Sarma--750x375

গুৱাহাটীত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱালৈ চাই ৰাজ্য চৰকাৰে মহানগৰীত আৰু চাৰিটা কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।

স্বাসথ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ আজাৰাত গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠানত এটা কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰা হ’ব।

এই চেন্টাৰটোত ৯০০থন বিচনা থাকিব আৰু ৫০গৰাকী চিকিৎসকৰ এটা দল নিয়োগ কৰা হ’ব।

মন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে যে ৰাজ্যখনত বিভিন্ন কোভিড কেয়াৰ চেন্টাৰত কোভিড-১৯ আক্ৰান্তৰ বাবে ১০,০০০বিচনা সাজু কৰা হ’ব।

তেওঁ কয় যে ৰাজ্যখনত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা আগষ্ট মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এতিয়ালৈকে ৰাজ্যখনত ৪৮জন লোকে এই মাৰাত্মক ৰোগত প্ৰাণ হেৰুৱাইছে আৰু মুঠ পজিটিভ ৰোগীৰ সংখ্যা ১৯,৭৫৪জন হৈছেগৈ।

ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬,৮১৫জন।