NORTHEAST NOW (Assamese)
অসম

অসমত শুকুৰবাৰে ৫৫১ ক’ভিড আৰোগ্য, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 10:23 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

৫৫১গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড মুক্ত হোৱাৰ বিপৰীতে এজনে প্ৰাণ হেৰুৱাইছে।

আৰোগ্য লাভ কৰা সকলোকে চিকিৎসালয়ৰ যাবলৈ দিয়া হৈছে।

মুকলি হোৱা লোকসকলক ধৰি অসমত ক’ভিড আৰোগ্যৰ সংখ্যা ১৪,১০৫গৰাকীলৈ বৃদ্ধি পাইছে।

বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৫১গৰাকীলৈ।

ক’ভিড ৰোগী সুনীল ৰয় (৭৫)ৰ শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে।

তেওঁৰ ঘৰ আছিল কামৰূপ মহানগৰ জিলাত।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৪৮৭গৰাকী।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২০,৬৪৬গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।