NORTHEAST NOW (Assamese)
অসম

মোডীয়ে যিমানে নিজকে শক্তিশালী বুলি প্ৰদৰ্শন কৰিছে সিমানেই দুৰ্বল হৈছে দেশঃ ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 12:32 pm
RahulGandhiChina

চীনা আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত দেশ এতিয়া সংকটৰ সন্মুখত।

এনে সময়তে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। ৰাহুল গান্ধীয়ে তেওঁৰ টুইটাৰত মোডীক আক্ৰমণ কৰি এটা ভিডিঅ’ প্ৰচাৰ কৰিছে।

ভিডিঅ’টোত ৰাহুলে স্পষ্ট ভাবে কৈছে যে মোডীয়ে নিজকে শক্তিশালী বুলি প্ৰতিপন্ন কৰাৰ যিমানে ভুৱা ভাও জুৰিছে সিমানেই দেশ দুৰ্বল হৈ গৈ আছে।

চীনৰ আগ্ৰাসনক কেৱল সীমা সমস্যা হিচাবে গ্ৰহণ নকৰি ইয়াক চীনৰ চুড়ান্ত আগ্ৰাসনবাদৰ নিদৰ্শন হিচাবে গ্ৰহণ কৰা উচিৎ বুলি ৰাহুলে মন্তব্য কৰে।

তেওঁ কয় যে চীনে এতিয়া ভাৰতৰ ঘাইপথত আধিপত্য বিৰাজ কৰিছে।

ডোপচাং,পাংগং,গালোৱানতো চীনৰ আধিপত্য বিৰাজ কৰিছে।

ইমানৰ পিছত শেহতীয়া সংকটক কেৱল সীমা সমস্যা বুলি ধাৰণা দিবলৈ বিচৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাহুলে।

তেওঁ প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ ক্ষেত্ৰত সৱল স্থিতি গ্ৰহণত ব্যৰ্থ হোৱা বুলি পুনৰবাৰ অভিযোগ কৰে।

মোডীয়ে গাদী বচাই ৰাখিবলৈ নিজকে পৰম শক্তিশালী বুলি জাহিৰ কৰি আছে যদিও তেওঁৰ এনে কৰ্ম কাণ্ডই দেশক দুৰ্বল কৰা বুলিহে ৰাহুলে কয়।