NORTHEAST NOW (Assamese)
অসম

অসমৰ বুৰঞ্জীত বৰ্তমানৰ দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো: তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 21, 2020 5:37 pm
Never seen present disaster in Assam history: Former CM Tarun Gogoi

“অসমৰ বুৰঞ্জীত বৰ্তমান হোৱা এনে দুৰ্যোগ কেতিয়াও দেখা পোৱা নাছিলো।” নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওৰ জৰিয়তে এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

সম্প্ৰতি প্ৰলয়ংকাৰী বান, খহনীয়া, ক’ভিড ১৯, জাপানীজ এনকেফেলাইটিছৰ কবলত পৰি অসমবাসী ৰাইজ এক চৰম দুৰ্যোগৰ সন্মুখীন হৈছে বুলি গগৈয়ে ভিডিওটোত উল্লেখ কৰে।

ইপিনে, ৰাজ্যখনত সৃষ্টি হোৱা এই চৰম দুৰৱস্হাৰ বাবে প্ৰধানতঃ কেন্দ্র আৰু ৰাজ্য চৰকাৰ দায়ী বুলি দাবী কৰি তেওঁ লগতে কয় “তেওঁলোকে প্ৰয়োজনীয় সময়ত উপযুক্ত পদক্ষেপ গ্রহণ নকৰিলে। মাথো বান আৰু গৰাখহনীয়াতে ৰাজ্যখনৰ প্ৰায় ৫০ লক্ষ মানুহ ক্ষতিগ্রস্ত হৈ চৰম আলৈ-আথানিৰ ভুক্তভোগী হৈছে।

“ৰাজ্যবাসীৰ এই চূড়ান্ত দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী গৰাকী অসমবাসীৰ দুখৰ বুজ ল’বলৈ আৰু সমভাগী হ’বলৈ এই মুহূর্তত অসমলৈ অহাটো উচিত বুলি দাবী কৰি তেওঁ লগতে কয় “এনে বিপদৰ সময়তে যদি নাহে কেতিয়া আহিব? কেৱল গামোচাখন ডিঙিত ওলোমাই ঘঁৰিয়ালৰ চকুপানী টুকিলেই অসমীয়া মানুহৰ সমস্যা সমাধান হৈ নাযায়।মাথো গামোচাখন ডিঙিত মেৰিয়ালেই অসমীয়া মানুহ সন্তুষ্ট হৈ থাকিব বুলি যদি ভাবিছে তেন্তে সেয়া তেওঁৰ ভুল।”

“এনেধৰণৰ কাৰ্য্যই  প্ৰমাণ কৰে যে অসমবাসীৰ প্ৰতি প্ৰকৃতাৰ্থত প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ সহানুভূতি নাই।” গগৈয়ে এইদৰে কয়।

ইপিনে, APWৰ অভিজিৎ শৰ্মাই covid19ৰ লগত সংগতি ৰাখি যিবিলাক দুৰ্নীতিৰ অভিযোগ আনিছে আৰু ইয়াৰ লগতে স্পষ্টকৈ কেইখনমান ফাৰ্মৰ বিৰুদ্ধেও প্ৰত্যক্ষভাৱে অভিযোগৰ আঙুলি টোঁৱাইছে সেইবিলাকৰ বিৰুদ্ধে মুখ্য মন্ত্রীয়ে উচিত তদন্তৰ ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে দাবী কৰে।