NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ৯৭২ ক’ভিড পজিটিভ, সক্ৰিয় ৰোগী ৮৩২৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 11:30 pm
COVID19: 2310 persons discharged in Assam on Friday

৯৭২গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ৩৫৪গৰাকী কামৰূপ মহানগৰৰ আৰু ৫১গৰাকী যোৰহাট জিলাৰ।

এইসকল ব্যক্তিক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৮৩২৫গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ২৭,৭৪৪গৰাকী।

ইয়াৰে ১৯,৩৫০গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

ইফালে দুগৰাকী ক’ভিড ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত মুঠ মৃতকৰ সংখ্যা ৬৬লৈ বৃদ্ধি পাইছে।

বুধবাৰে মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে যোৰহাটৰ আলোক ঘোষ (৫৪) আৰু কামৰূপ মহানগৰৰ হৰেন বড়ো (৪৭)।