NORTHEAST NOW (Assamese)
অসম

চাৰিনেলযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিম্নমানৰ চিনেন্ট ব্যৱহাৰৰ অভিযোগ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক July 29, 2020 2:11 pm
Screenshot_2020-07-29-13-54-15_1

লেহেমীয়া গতিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ দায়িত্ব প্ৰাপ্ত ঠিকা প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ চিমেন্টকে ধৰি বিভিন্ন সামগ্ৰী পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

ইয়াৰ লগতে কোনো বিজ্ঞানসন্মত প্ৰক্ৰিয়া অৱলম্বন নকৰাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে বিভিন্ন বিজুতি ঘটাও পৰিলক্ষিত হৈছে।

জি ডি ছি এল নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে লাভ কৰিছিল উক্ত অংশ পথৰ সম্প্ৰসাৰণৰ কাম।

পৰৱৰ্তী সময়ত জি ডি ছি এলে এই কাম লিংকন নামৰ এটা প্ৰতিষ্ঠানক হস্তান্তৰ কৰে।

এই প্ৰতিষ্ঠানটোৱে কৰা কাম ইমানেই নিম্নমানৰ যে নিৰ্মাণৰ এসপ্তাহ নহঁওতেই ফাট ওলাইছে পকী নলা সমূহত। বন, মেটেকা, বোকা আদি চাফা নকৰাকৈ তথা মাটিৰ কোনো গুনাগুণ পৰীক্ষা নকৰাকৈ যিকোনো মাটিৰে পূৰণ কৰিছে দ অংশ।

পথ সম্প্ৰসাৰণৰ কামত উন্নত মানৰ চিমেন্ট ব্যৱহাৰ কৰা বুলি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল যদিও প্ৰতিষ্ঠানটোৰ গুদামত নিম্নমানৰ চিমেন্টহে মজুত থকাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে বিসংগতি পূৰ্ণ কামৰ বিৰুদ্ধে একাংশ যুৱকে জিলা উপায়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।