NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-ম্যানমাৰ সীমান্তত ভয়ংকৰ আক্ৰমণ : সংঘৰ্ষত নিহত আছাম ৰাইফলছৰ ৩ গৰাকী জোৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 1:31 pm
militants-nbt

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে আছাম ৰাইফলছৰ তিনিজন জোৱান।

খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা মণিপুৰ চান্দেল জিলাৰ ম্যানমাৰ সীমান্ত সংঘটিত হৈছে এই সংঘৰ্ষ।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ম্যানমাৰ সীমান্তৰ চান্দেল জিলাৰ এক দুৰ্গম এলেকাত গোপন সূত্ৰৰ পম খেদি ৪ নম্বৰ আছাম ৰাইফছৰ এটা দলে উগ্ৰপন্থীৰ সন্ধানত তালাচী চলাবলৈ যায়।

তালাচী চলাবলৈ যোৱাৰ পথতে হঠাতে পূৰ্বৰে পৰা খাপ পিটি ৰৈ থকা উগ্ৰপন্থীৰ এটা দলে প্ৰথমে আই ডি বিস্ফোৰণ ঘটায়।

আই ডি বিস্ফোৰণৰ পিছতে উগ্ৰপন্থী দলটোৱে আছাম ৰাইফলছৰ দলটোলৈ গুলী বৰ্ষণ কৰিবলৈ ধৰে।

উগ্ৰপন্থীৰ এই আক্ৰমণত আছাম ৰাইফলছৰ তিনিজন জোৱান নিহত হোৱাৰ লগতে অন্য ৪ জন জোৱান আহত হৈছে।

আছাম ৰাইফলছৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দলটো মণিপুৰৰ পিপলছ লিবাৰেশ্যন আৰ্মি(PLA) নামৰ উগ্ৰপন্থী সংগঠনটোৰ সদস্য বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনৰ সূত্ৰৰ মতে আহত জোৱান চাৰিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান সংঘৰ্ষ হোৱাৰ সমগ্ৰ অঞ্চলজুৰি আছাম ৰাইফলছে উগ্ৰপন্থীৰ সদস্যৰ সন্ধানত অভিযান চলাইছে বুলি জানিব পৰা গৈছে।