NORTHEAST NOW (Assamese)
অসম

অসুস্থ ছোনিয়া গান্ধী! দিল্লীত হাস্পাতলত ভৰ্তি কংগ্ৰেছ সভানেত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 7:58 am
sonia-gandhi

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনিয়া গান্ধীক বৃহস্পতিবাৰে সন্ধিয়া হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

কংগ্ৰেছ সভানেত্ৰীগৰাকীক দিল্লীৰ গংগাৰাম হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে ৰুটিন চেক আপ তথা পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

হাস্পাতলখনৰ পৰিচালনা বোৰ্ডৰ অধ্যক্ষ ডাঃ ডি এছ ৰাণাই কয় যে বৃহস্পতিবাৰে সন্ধিয়া ৭মান বজাত ৭৩ বছৰীয়া কংগ্ৰেছ সভানেত্ৰীগৰাকীক হাস্পাতললৈ অনা হয়।

ৰুটিন চেক আপ তথা পৰীক্ষাৰ বাবে তেওঁ ভৰ্তি হোৱা বুলি জানিবলৈ দি কয় যে শ্ৰীমতী গান্ধীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ।

ইপিনে, বৃহস্পতিবাৰে পুৱাৰ ভাগত ছোনিয়া গান্ধীয়ে দলক ৰাজ্যসভাৰ সাংসদসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত উক্ত বৈঠকত তেওঁ দেশৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

বৈঠকত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০মনমোহন সিঙো উপস্থিত আছিল।

উল্লেখ্য যে কংগ্ৰেছ সভানেত্ৰীগৰাকীক যোৱা ফেব্ৰুৱাৰিত এই একেখন হাস্পাতলতে পেটৰ বিষৰ বাবে ভৰ্তি কৰোৱা হৈছিল।