NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ক’ভিড পজিটিভ, চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 8:08 pm
Union minister Dharmendra Pradhan tests COVID19 positive, hospitalized

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মঙলবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু তেওঁক গুৰুগ্ৰামৰ মেডান্তা হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

একেখন চিকিৎসালয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো চিকিৎসাধীন হৈ আছে।

ক’ভিড পজিটিভ চিনাক্ত হোৱা প্ৰধান দ্বিতীয়গৰাকী কেন্দ্ৰীয় মন্ত্ৰী।

মন্ত্ৰীজনে টুইটাৰত সদৰী কৰা মতে সোমবাৰে তেওঁৰ দেহত ক’ভিড১৯ৰ লক্ষণে দেখা দিয়াৰ পিছতে তেওঁ পৰীক্ষা কৰোৱায়।

মন্ত্ৰীজনে তেওঁৰ স্বাস্থ্যৰ অৱস্থা ভালে আছে বুলিও সদৰী কৰিছে।

ক’ভিডত আক্ৰান্ত হোৱা দেশৰ হাই প্ৰফাইল ৰাজনীতিকৰ ভিতৰত প্ৰধানো অন্যতম।

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্নাটকৰ মুখ্য মন্ত্ৰী বি এহ্চ য়েদিউৰাপ্পা আৰু কৰ্নাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সীদ্ধাৰামায়াও ক’ভিডত আক্ৰান্ত হৈছে।

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্তমান তামিল নাডুৰ ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতো ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।