NORTHEAST NOW (Assamese)
অসম

মুম্বাইত পুনৰ আন এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 4:21 pm

মুম্বাইত পুনৰ আন এগৰাকী অভিনেত্ৰীৰ আত্মহত্যা। এইবাৰ আত্মহননৰ পথ বাচি ল’লে ভোজপুৰি অভিনেত্ৰী অনুপমা পাঠকে।

অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ মীৰা ৰোডত থকা বাসগৃহত আত্মহত্যা কৰে। শুকুৰবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰী অনুপমাৰ মৃতদেহ।

মৃত্যুৰ সময়ত অনুমপা পাঠকৰ বয়স হৈছিল ৪০ বছৰ।

জন্মসূত্ৰে বিহাৰৰ পূৰ্ণিয়াৰ অনুপমা পাঠকে মুম্বাইত বসবাস কৰি আছিল।

ভোজপুৰি ছবি আৰু বিভিন্ন চিভি শ্ব’ৰ সৈতে তেওঁ জড়িত আছিল।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত তেওঁ আত্মহত্যা কৰা বুলি প্ৰকাশ পাইছে।

কিন্তু কিয় অভিনেত্ৰী গৰাকীয়ে আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

এদিন পূৰ্বে তেওঁ ফেইচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰি উল্লেখ কৰিছিল – তেওঁ প্ৰতাৰিত হৈছে, কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে।

উল্লেখ্য যে, মুম্বাইত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে ইজনৰ পাছত সিজন অভিনেতা-অভিনেত্ৰীৰ আত্মহত্যাৰ ঘটনা।

যোৱা ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই এতিয়াও দেশজুৰি চাঞ্চল্য অব্যাহত আছে।

ইয়াৰ পূৰ্বে সুশান্তৰ পূৰ্বৰ মেনেজাৰ দিশা চাইলান আৰু অতি শেহতীয়াভাবে টেলিভিশ্যন অভিনেতা সমীৰ সিনহাৰ আত্মহ্যতাৰ ঘটনা সংঘটিত হৈছে।