NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ; ভূটানত ৰাষ্ট্ৰজোৰা ল’কডাউন ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 4:41 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভূটানে মঙলবাৰৰ পৰা ৰাষ্ট্ৰজোৰা ল’কডাউন ঘোষণা কৰিছে।

ভূটানত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১১৩ স্পৰ্শ কৰাৰ পাছতে দেশখনত প্ৰশাসনে ৰাষ্ট্ৰজোৰা ল’কডাউন ঘোষণা কৰে।

কুৱেইটৰ পৰা উভতি অহা ভূটানৰ এগৰাকী ২৭ বছৰীয়া মহিলা কোভিড প’জিটিভ হোৱাৰ পাছত চিকিৎসাৰ অন্তত কোভিড নিগেটিভ হয় আৰু চিকিৎসকে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ পাছত পুনৰ কোভিড প’জিটিভ হোৱাৰ পাছতে ভূটানত ৰাষ্ট্ৰজোৰা ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, ভূটানত বৰ্তমানলৈ কোনো লোকৰ কোভিড-১৯ৰ ফলত মৃত্যু হোৱা নায়।

ল’কডাউনৰ সময়ত ভূটানৰ প্ৰধান মন্ত্ৰীয়ে দেশখনৰ জনসাধাৰণক প্ৰয়োজনীয় সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনায়।