NORTHEAST NOW (Assamese)
অসম

অসমত ২১৩৬ নতুন ক’ভিড আৰোগ্য, সক্ৰিয় ৰোগী ২১,৬২৬

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 11:23 pm
Covid19: 1586 persons discharged in Assam on Tuesday

২১৩৬গৰাকী ব্যক্তিয়ে অসমত বুধবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৪৭,২০৯লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২১,৬২৬ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইফালে ৪৫৯৩গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ আক্ৰান্ত চিনাক্ত হৈছে, কিন্তু পজিটিভৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত অসমত এতিয়ালৈকে সৰ্বাধিক ১৪৩,১০৯টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

অসমৰ স্বাস্থ্য বিভাগে অহা ১২ আগষ্টৰ পৰা দিনে এক লাখ ক’ভিড টেষ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

ক’ভিড মহামাৰীৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত টেষ্টক অগ্ৰাধিকাৰ দি এই প্ৰস্তুতি চলোৱা হৈছিল।

আনহাতে আৰু ছগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।