NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত হৈ পুনৰ এগৰাকী লোকৰ মৃত্যু; মৃতকৰ সংখ্যা ৮ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 6:50 pm
2020_3image_15_51_478747655340-ll

ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মঙলবাৰে পুনৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

ত্ৰিপুৰাৰ জি বি পি হাস্পাতালত মঙলবাৰে মহিলা গৰাকীৰ মৃত্যু হয় বুলি স্বাস্থ্য সচিৱ এছ কে ৰাকেশে জানিবলৈ দিয়ে।

আজি মৃত্যু হোৱা মহিলা গৰাকীৰ সৈতে ত্ৰিপুৰাত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ গৰাকীলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা আঠ গৰাকী লোকৰ ভিতৰত সাত গৰাকী লোকৰে বিগত ১০ দিনৰ ভিতৰত মৃত্যু হৈছে।

সোমবাৰে দুগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ বিপৰীতে  ১৮ জুলাইতো দুগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছিল।

আজি মৃত্যু হোৱা মহিলা গৰাকীৰ সন্ধিয়া বাত্তালা শ্মসানত শেষ কৃত্য সম্পন্ন কৰা হয়।

ত্ৰিপুৰাত এই পৰ্যন্ত মুঠ ৩০৯৪ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বিগত মাহত ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু হৈছিল।

পূৰ্বে ত্ৰিপুৰাৰ জিবি হাস্পাতালৰ গো ধোৱা ঘৰত  এগৰাকী মহিলাই চিপ লৈ আত্মহত্যা কৰিছিল।