NORTHEAST NOW (Assamese)
অসম

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে লিখাৰ পৰিণাম! নেপালৰ সাংবাদিকৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 8:09 pm
Nepalese-journalist

আগ্ৰাসনবাদী চীনৰ বিৰুদ্ধে কলমৰ জৰিয়তে সংগ্ৰাম চলোৱা নেপালৰ এজন সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নেপালত বহুল প্ৰচাৰিত দৈনিক কাকত ‘ক্ৰান্তিপুৰ’ৰ সাংবাদিক বলৰাম বানিয়াই বিগত কিছুদিন ধৰি নেপালত চীনে বৃহৎ অঞ্চল দখল কৰাৰ বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছিল।

১০ জুনৰ দিনা সাংবাদিক বানিয়াই কাকতৰ প্ৰথম পৃষ্ঠাতে নেপালৰ ৰুই গ্ৰাম অঞ্চলত চীনে কিদৰে আগ্ৰাসন চলাইছে সেয়া প্ৰকাশ কৰিছিল।

বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে নেপালত থকা চীনৰ দূতাবাসে দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ওপৰত তীব্ৰ হেঁচাৰ সৃষ্টি কৰিছিল।

চীনৰ অনুগত প্ৰধানমন্ত্ৰী শৰ্মাই বাতৰিটো মিছা বুলি স্পষ্টীকৰণ দিবলৈ সাংবাদিক বানিয়াক সঁকিয়াই দিছিল।

কিন্তু নতশিৰ হোৱা নাছিল সাংবাদিক গৰাকী।ইয়াৰ পিছতে হঠাতে সন্ধানহীন হৈ পৰা সাংবাদিক জনৰ মৃতদেহ উদ্ধাৰ হয় নেপালৰ মাণ্ডু অঞ্চলৰ ভীম পেডিৰ বাগমতী নৈৰ পাৰত।

সাংবাদিক গৰাকীক হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰ লোকে থানাত গোচৰ তৰিছে।

ইপিনে এই মৃত্যুৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক দায়ী কৰিছে নেপাল প্ৰেছ ইউনিয়ন,ফেডাৰেছন অৱ নেপালী জাৰ্নালিষ্টকে ধৰি কেইবাটাও সংগঠনে।