NORTHEAST NOW (Assamese)
অসম

অসমত ১৮৫৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.১২%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 10:42 pm
642 persons test Covid19 positive in Assam on Saturday

১৮৫৬গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.১২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৬,১৮০টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪৩৩, ডিব্ৰুগড়ৰ ১৫০, কাছাৰৰ ১৪৩ আৰু কামৰূপৰ ১২১গৰাকী ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

আনহাতে আৰু ছগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২২৭লৈ বৃদ্ধি পাইছে।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৪,৫৫৮লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ৮৭,৯০৮ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

বিপৰীতে অসমত বৃহস্পতিবাৰলৈকে ৬৩,১২০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।