NORTHEAST NOW (Assamese)
Popular Stories

দক্ষিণ অসমৰ তিনিখন জিলাত পুনৰ ১০ দিনৰ বাবে সম্পূৰ্ণ লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 9:10 am

ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈকে দক্ষিণ অসমৰ তিনিখন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত বুধবাৰৰ পৰা সম্পূৰ্ণ লকডাউন হ’ব।

মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰৱেশ পথ হিচাপে পৰিচিত বৰাক উপত্যকাত সম্পূৰ্ণ লকডাউন হ’লে অসমৰ সীমামূৰীয়া ৰাজ্য তিনিখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দক্ষিণ অসমৰ উক্ত তিনিখন জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

অঞ্চলটোত এই পৰ্যন্ত তিনি হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৩০ গৰাকীৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

বৰাক উপত্যকাৰ তিনিওখন জিলাত যাতে সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জিলা তিনিখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।