NORTHEAST NOW (Assamese)
অসম

চামগুৰি ভৰাগুৰিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা August 25, 2020 7:57 pm
Man found dead in Nagaon’s Samaguri

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভৰাগুৰি অঞ্চলৰ এটা পুখুৰীত আজি এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে ভৰাগুৰি অঞ্চলৰ এটা পুখুৰীত আজি বিয়লি প্ৰায় ২-৩০ মান বজাত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা অৰ্ধগলিত মৃতদেহটো স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা লোকজন ভৰাগুৰিৰ পামগাৱঁৰ পুনা মুড়াৰ ভাতৃ ৰামু মুড়া (২৭) বুলি আৰক্ষীয়ে চিনাক্ত কৰে৷

আনহাতে স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে মানসিক বিকাৰগ্ৰস্ত ৰামু মুড়া নামৰ যুৱকজন যোৱা শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল৷

আনহাতে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।