NORTHEAST NOW (Assamese)
অসম

টেষ্ট কেৰিয়াৰ সামৰণি মৰাৰ পূৰ্বে কোহলীয়ে টেষ্টত ত্ৰিশতৰাণ অৰ্জন কৰিব লাগে : অজিত আগৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 9:15 pm
Virat Kohli

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ অজিত আগৰকাৰে বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে ত্ৰিশতৰাণ অৰ্জন কৰাটো বিচাৰে বুলি মন্তব্য কৰে।

”বিৰাট কোহলীয়ে বৰ্তমান সময়লৈ যিমান অভিলেখ অৰ্জন কৰিছে সেই অভিলেখে কোহলীৰ যে টেষ্টত ত্ৰিশতৰাণ অৰ্জন কৰিব পৰা সামৰ্থ্য আছে সেয়া প্ৰমাণ কৰিছে,” অজিত আগৰকাৰে লগতে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অপেনাৰ বিৰেন্দাৰ ছেগৱাগে প্ৰথম গৰাকী ভাৰতীয় বেটছমেন হিচাপে টেষ্টত ত্ৰিশতৰাণ অৰ্জন কৰাৰ অভিলেখ গঢ়িছিল।

ছেগৱাগৰ উপৰি মিডল অৰ্ডাৰ বেটছমেন কৰুণ নায়াৰেও ভাৰতীয় দলৰ হৈ ত্ৰিশতৰাণ অৰ্জন কৰিছিল।

উল্লেখযোগ্য যে, অজিত আগৰকাৰৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ আন এগৰাকী বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে শচীন টেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত অধিক দ্বিশতক আৰু টেষ্ট ক্ৰিকেটত ত্ৰিশতৰাণ অৰ্জন কৰিব লাগিছিল বুলি মন্তব্য কৰিছিল।