NORTHEAST NOW (Assamese)
অটো

লক্ষ্য গ্ৰাম্যাঞ্চল; ভাৰতৰ বজাৰত সস্তাত বাইক মুকলি কৰাৰ প্ৰস্তুতি হোণ্ডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2020 2:15 pm
WhatsApp Image 2020-08-28 at 12.39.32 PM

ইতিমধ্যে, ভাৰতৰ বজাৰত দুচকীয়া বাহনৰ ক্ষেত্ৰত হোণ্ডাই প্ৰতিষ্ঠা লাভ কৰিছে। স্কুটাৰ খণ্ডত ই এক নম্বৰ স্থান দখল কৰি আছে।

এইবাৰ কোম্পানীটোৱে ভাৰতৰ গ্ৰাম্যাঞ্চলৰ প্ৰতি দৃষ্টি ৰাখি বজাৰলৈ নতুন বাইক অনাৰ প্ৰস্তুতি চলাইছে।

জানিব পৰা মতে, হোণ্ডাৰ এই বাইক হ’ব বহুত সস্তা।

হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই আশা কৰিছে যে এই বাইক মুকলিৰ পাছত বজাৰত কোম্পানীটোৰ স্থিতি অধিক শক্তিশালী হৈ পৰিব।

আনহাতে, কোম্পানীটোৱে দেশত নিজৰ বাইক ক্ষেত্ৰখনত নিজৰ সক্ষমতা বৃদ্ধি কৰিব বিচাৰে।

কোম্পানীটোৱে এতিয়া গ্ৰামাঞ্চল তথা চহৰৰ গ্ৰাহকক বেলেগ বেলেগ প্ৰডাক্টেৰে আকৰ্ষণ কৰাৰ প্ৰস্তুতি চলাইছে।

এতিয়া এক্টিভা আৰু ডি অ’ৰ দৰে প্ৰডাক্টৰ বাবে স্কুটাৰ খণ্ডত হোণ্ডাৰ আধিপত্য অব্যাহত আছে।

বাতৰি অনুসৰি, গ্ৰামাঞ্চলৰ বাবে কোম্পানীটোৱে আনিবলগীয়া বাইকখনৰ দাম ৬০হাজাৰ টকাতকৈয়ো কম হ’ব।

হোণ্ডাৰ এই নতুন বাইকখন ইয়াৰ  CD110 ৰেঞ্জতকৈও তলত হ’ব।  বৰ্তমান হোণ্ডাৰ আটাইতকৈ সস্তা বাইকখন হৈছে CD110। ইয়াৰ মূল্য প্ৰায় ৬৪,৫০৫টকা।

হোণ্ডাৰ আহিবলগীয়া নতুন বাইকখনে বজাৰত হিৰো স্প্লেণ্ডাৰ, টিভিএছ Radeon, বাজাজ CT100 আৰু টিভিএছ ভিক্টৰৰ সৈতে মোকাবিলা কৰিব।

বাইকখন কেতিয়ালৈ বজাৰলৈ আহিব সেয়া স্পষ্ট কৰা নাই যদিও কোম্পানীটোৱে শীঘ্ৰেই নতুন বাইকখন বজাৰত মুকলি কৰি দিব বুলি জানিব পৰা গৈছে।