NORTHEAST NOW (Assamese)
অসম

CAA আন্দোলন আহিলে আকৌ প্ৰতিবাদ-হুলস্থুল কৰিম : সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত জুবিন গাৰ্গৰ ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 3, 2020 7:33 pm

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হ’ব বুলি ঘোষণা কৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত এই কথাটোৰ  বাবেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । কিয়নো শিল্পীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ওতঃপ্ৰোতঃভাৱে জৰিত হোৱাৰ লগতে সোণোৱাল চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

তাৰ পাছতেই জুবিন গাৰ্গৰ স্থিতিক সমালোচনা কৰিছিল বহুজনে।

বৃহস্পতিবাৰে এই ভুল ভাঙি জুবিন গাৰ্গৰ স্পষ্ট ঘোষণা জুবিন গাৰ্গে পুনৰ কৰিব ‘কা’ বিৰোধী আন্দোলন।

‘মই যি কৰো নিঃস্বাৰ্থভাৱে কৰো। মোৰ জাতিৰ প্ৰতি দায়িত্ব আছে সেয়া পালন কৰি যাম।

কা আন্দোলন আহিলে আকৌ আন্দোলন কৰিম। মই নিঃস্বাৰ্থভাৱে ‘কা’ আন্দোলনত লাগিছিলো আৰু সদায় লাগি যাম।

‘কা’ আন্দোলনৰ কথা আহিলে মই আকৌ প্ৰতিবাদ কৰিম।‘ এএম টেলিভিছন প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত হ’বলগীয়া ডক্তৰ বেজবৰুৱা ২ নামৰ ছবিখনৰ প্ৰসংগত আহ্বান কৰা সংবাদমেলখনৰ পাছত এইদৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গে।

জুবিনে লগতে কয় ‘আকৌ হুলস্থুল কৰিম। ভাল কথাত বিপ্লৱ কৰিলে সেইটো কোনেও ৰখাব নোৱাৰে।‘

ইপিনে, তেওঁ বৰ্তমানলৈকে চৰকাৰৰ কোনো বিভাগৰে ব্ৰেণ্ড এম্বেচেদৰ হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।

‘মোক সন্দেহ কৰিবলগীয়া কি আছে? মই চৰকাৰী ব্ৰেণ্ড এম্বেছাদৰ এতিয়ালৈকে হোৱা নাই। মাথো কৃষি বিভাগৰ কামবোৰ প্ৰম’ট কৰিব দিছে।চৰকাৰৰ ফালৰ পৰা ব্ৰেণ্ড এম্বেছাদৰ হ’লে কাগজ কলমত হয়। স্পষ্ট কথা চৰকাৰৰ ব্ৰেণ্ড এম্বেছাদৰ নহওঁ কিবা হেল্প লাগিলে কৰি দিম।‘ গাৰ্গে এইদৰে কয়।

ইয়াৰোপৰি, খেতিৰ বিপ্লৱ আৰম্ভ কৰা বুলি উল্লেখ কৰি গাৰ্গে লগতে কয় ‘সকলো লোকেই চৰকাৰৰ সু্বিধা সমূহ গ্ৰহণ কৰাটো প্ৰয়োজনীয় কিন্তু আঁচনিসমূহৰ প্ৰসংগত যুৱ প্ৰজন্মই জানিব লাগে। কৃষি বিভাগৰ পৰা অহা সকলো সুবিধা ল’ব লাগিব। এইসমূহ সুবিধা ল’ব নোৱাৰিলে পুনৰ পইচাসমূহ ঘূৰি যাব।”

ইপিনে, কা বিৰোধী আন্দোলনৰ অচিলাৰে ৰাজনৈতিক দলত যোগদান কৰা শিল্পীসকলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিনে কয় ‘শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা মই তাত মাত নামাতো। মই নন পলিটিকেল মানুহ মই মানুহৰ লগত কাম কৰো। মই বুজিয়ে নাপালো কি হৈ গ’ল।’