NORTHEAST NOW (Assamese)
Popular Stories

‘বিশ্বৰ বিভিন্ন দেশত অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েল বন্ধ হ’লেও ভাৰতত নহয় বন্ধ’ : এই মন্তব্য ছেৰামৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 10:41 am
COVID19-positive-1140x570

স্বেচ্ছাসেৱক শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতো ভাৰতত বন্ধ নহয় অক্সফোৰ্ডৰ কোভিড ভেকচিন কোভিডশ্বীল্ডৰ ট্ৰায়েল। এই কথা জনাইছে ভেকচিনটোৰ অন্যতম প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই।

উল্লেখ্য যে তৃতীয় তথা অন্তিমটো ট্ৰায়েলত ব্ৰিটেইনৰ এজন স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে সমগ্ৰ বিশ্বতে ইয়াৰ ট্ৰায়েল বন্ধ কৰা হৈছে বুলি বুধবাৰে ঘোষণা কৰিছিল ভেকচিনটোৰ প্ৰস্তুতৰ সৈতে জড়িত অন্যটো প্ৰতিষ্ঠান আষ্ট্ৰ’জেনেকাৰে।

কিন্তু ভাৰতত এই ভেকচিনটোৰ ট্ৰায়েল বন্ধ কৰা নহয় বুলি মন্তব্য কৰি ছেৰামে কয়, “আমি ব্ৰিটিছ ট্ৰায়েলৰ সম্পৰ্কে কোনো মন্তব্য দিব নোৱাৰো। পৰিস্থিতিৰ পৰ্যালোচনা কৰা হৈছে। আশা কৰো খুব শীঘ্ৰেই ট্ৰায়েল পুনৰ আৰম্ভ হ’ব। আৰু ভাৰতীয় ট্ৰায়েলে কোনো বাধা সন্মুখীন হোৱা নাই। এই ট্ৰায়েল চলি থাকিব।”

উল্লেখ্য যে অক্সফোৰ্ডৰ ভেকচনিটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হোৱাৰ পিছতে বিশ্বৰ বিভিন্ন দেশত ইয়াৰ তৃতীয় তথা অন্তিমটো ট্ৰায়েল আৰম্ভ কৰা কথা আছিল। তাৰ ভিতৰত প্ৰথম পৰ্যায়ত ভাৰত আৰু ব্ৰিটেইনত ইয়াৰ অন্তিমটো ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এই ট্ৰায়েলৰ মাজতে হঠাতে বুধবাৰে এগৰাকী ব্ৰিটিছ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটোৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আৰম্ভ হয় বুলি আষ্ট্ৰ’জেনেকাৰে প্ৰকাশ কৰে।

ইয়াৰ পিছতে ভাৰতত ট্ৰায়েল বন্ধ নকৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে বুধবাৰে ৰাতি ড্ৰাগ কন্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়াই(DGCI) এই সন্দৰ্ভত আষ্ট্ৰ’জেনেকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে আষ্ট্ৰ’জেনেকাৰৰ সৈতে ভাৰতৰ ছেৰাম ইনষ্টিটিউটে ১০০ কোটি ভেকচিন প্ৰস্তুত কৰাৰ কথা।

সেয়ে ভাৰততো ১৮ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটো ট্ৰায়েল কৰা হৈছে।

এই উপলক্ষে ভাৰতত ১৭ টা কেন্দ্ৰত ১৬০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত কোভিডশ্বীল্ড ভেকচিনটো ট্ৰায়েল কৰা প্ৰস্তুতি চলোৱা হৈছে।

এতিয়া ব্ৰিটেইনত ভেকচিনটোৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতো ছেৰামে ভাৰতত ইয়াৰ ট্ৰায়েল বন্ধ নহয় বুলি প্ৰকাশ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে।