NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ বিপৰীতে ৩৬৮ টকাকৈ ব্যয় কৰিলেহে ভবিষ্যতৰ মহামাৰী ৰোধ কৰিব পৰা যাব; বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বীৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 10:32 pm

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বী গ্ৰো হাৰ্লেম ব্ৰাণ্ডল্যাণ্টে ভবিষ্যতে মহামাৰীৰ পৰা হাত সৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবাঢ়াইছে।

গ্ৰো হাৰ্লেমে উল্লেখ কৰা অনুসৰি আগন্তুক পাঁচ বছৰৰ বাবে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে বছৰে ৩৬৮ টকা ব্যয় কৰিলেহে ভবিষ্যতে হ’ব পৰা মহামাৰীৰ পৰা হাত সাৰিব পৰা যাব।

এই অভিযানৰ বাবে বিশ্বক বহু বিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব যদিও মহামাৰীৰ হোৱাৰ পাছত ইয়াক প্ৰতিৰোধ কৰাৰ বাবে ব্যয় কৰা ট্ৰিলিয়ন ডলাৰতকৈ ই সহজ হ’ব।

উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ বৰ্তমান মুৰব্বী এণ্টনিঅ’ গুৱেটৰেজেও বিশ্বক পুনৰ আন এক মহামাৰীৰ সন্মুখিন হোৱাৰ বাবে বৰ্তমানৰ পৰাই প্ৰস্তুতি গঢ়ি তোলাৰ বাবে আহ্বান জনাইছিল।

গুৱেটৰেজে সমগ্ৰ বিশ্বই একেলগ হৈ কাম কৰিলেহে ক’ৰ’না মহামাৰীক পৰাস্ত কৰিব পৰা যাব অন্যথা ই ভয়াবহ হৈ পৰিব বুলি মত প্ৰকাশ কৰিছিল।

সমগ্ৰ বিশ্বৰ প্ৰায় তিনি কোটি লোক বৰ্তমান সময়ত ক’ৰ’না মহামাৰীৰ কৱলত পৰিছে।